কোচ ৰাজবংশী সমাজত তামোল-পান(গুৱা-পান)

  • কৰবী সিংহ কোচ

জাতি এটাৰ কৃষ্টি , পৰম্পৰা , ৰীতি-নীতি ইত্যাদি ‌বোৰৰ মাজ‌তেই প্ৰতিফলিত হয় জাতিটোৰ সংস্কৃতি। উৎসৱ-পাৰ্বনৰ পৰা আদি কৰি জনজীৱনত প্ৰচলিত প্ৰত্যেকটো লোকাচাৰ ৰীতি-নীতিৰ আধাৰতে গঢ়ি উঠে এটা জাতিৰ সংস্কৃতি। জনগোষ্ঠীয় সংস্কৃতি পৰম্পৰাৰ ক্ষেত্ৰত ইতিহাস প্ৰসিদ্ধ কোচৰাজবংশীসকলোৰো এক সুকীয়া সংস্কৃতি বিদ্যমান। কোচৰাজবংশীসকলৰ মাজত প্ৰচলিত লোকাচাৰ পৰম্পৰা সমূহৰ এক অবিচ্ছেদ্য অংশ হল তামোল পান । কোচৰাজবংশী সকলৰ মাজত এই তামোল পানৰ বিশেষ গুৰুত্ব আছে। বিশেষকৈ অতিথি আদৰিবলৈ, পূজা পাৰ্বন , বিয়া আদি মাংগলিক অনুষ্ঠান সমূহত তামোল পাণ এক এৰাব নোৱাৰা অংগ। সেয়েই হয়তো কোচৰাজবংশী জনজীৱনত প্ৰত্যেক ঘৰৰ বাৰীতেই তামোল পাণৰ গছ দেখিবলৈ পোৱা যায় । কোচৰাজবংশীসকলে বাৰীত তামোল পানৰ গছ ৰোৱাটো এক প্ৰকাৰৰ নিয়ম বুলিও কব পৰা যায়। কোচৰাজবংশী সকলৰ মাজত তামোল পানক লৈ এনে ধৰণৰ প্ৰবাদ প্ৰচলন আছে…

উত্তৰে গুৱা (তামোল) দক্ষিণে ধুৱা (মুকলি খোলা)

পূবে হাঁস (পুখুৰী) পশ্চিমে বাঁশ (বাঁহ)

কোচৰাজবংশী সকলৰ মাজত প্ৰচলিত পূজা পাৰ্বণ সমূহত তামোল পাণ অতি প্ৰয়োজনীয়। এওঁলোকে পূজা কৰা প্ৰায়বোৰ দেৱ দেৱীৰে পূজাত তামোল পাণ ব্যৱহাৰ কৰে। কোচৰাজংশী সমাজত ঘৰৰ পূজনীয় দেৱতাক “ঘৰ গোঁসাই”বুলি কোৱা হয়। এই ঘৰ গোঁসাইৰ আসনত এযোৰ তামোল পাণ দিয়া হয় । ইয়াৰ উপৰিও কোচৰাজবংশী সকলে বিভিন্ন দেৱ দেৱীক পূজা কৰে। এই পূজা সমূহতো তামোল পাণৰ আগস্থান দিয়ে । পূজাৰ আৰম্ভণিতে এটা মাটি বা পিতলৰ ঘট স্থাপন কৰা হয় আৰু এই ঘটৰ ভিতৰৰ এযোৰ তামোল পাণ দিয়া হয়। এই তামোল পাণ অবিহনে কোনো পূজাই সম্পূৰ্ণ নহয় । নৈবদ্যৰ লগতো তামোল পাণ দিয়াৰ নিয়ম প্ৰচলিত আছে কোচৰাজবংশী সমাজত। বছৰত যেতিয়া তামোল গছত প্ৰথম নতুন ফল ধৰে পৰম্পৰা অনুসৰি প্ৰচলিত ন-খোৱা পৰ্বৰ সময়ত চৈধ্যপুৰুষক আগবঢ়োৱা নৈবদ্যৰ লগত এখিলা তামোল পাণো আগবঢ়ায় আৰু ইয়াৰ পিছৰ পৰাহে গৃহস্থই নতুন ফল হিচাপে তামোল গ্ৰহণ কৰে। আনহাতে কোচৰাজবংশী মহিলা সমাজত প্ৰচলিত এক বিশেষ পূজা হল সুবচনী পূজা । এই সুবচনী পূজাৰো প্ৰধান উপকৰণ হল তামোল পাণ।

কোচৰাজবংশী সমাজত প্ৰচলিত বিভিন্ন সামাজিক ৰীতি নীতি সমূহতো তামোল পাণৰ গুৰুত্ব অপৰিসীম। বিশেষকৈ বিয়া সবাহ আদি অনুষ্ঠানসমূহত আৰম্ভণিৰে পৰাই তামোল পাণ ব্যৱহাৰ কৰা হয়। পূৰ্বতে চিঠিৰে নিমন্ত্ৰন জনোৱা প্ৰথাৰ প্ৰচলন কম আছিল । সেই সময়ত তামোল পাণ এযোৰ আগবঢ়াই আলহীক বিয়া সবাহ আদিলৈ নিমন্ত্ৰণ জনোৱা হৈছিল আৰু এই প্ৰথা বৰ্তমানেও প্ৰচলিত হৈ আছে। অৱশ্যে বৰ্তমান এই প্ৰথাৰ প্ৰচলন কম যদিও কোনোৱে যদি অাৰ্থিক অনাটনৰ বাবে চিঠিৰে নিমন্ত্ৰণ জনাব নোৱাৰে তেতিয়া তামোল পাণেৰেই নিমন্ত্ৰণ জনায়। কোচৰাজবংশী সমাজত প্ৰচলিত বিবাহ প্ৰথাতো তামোল পাণ গুৰুত্ব অধিক। এই বিবাহ প্ৰথা অনুযায়ী দৰা বা কইনাৰ হাতত লোৱা দৰ্পনতো এযোৰ তামোল পাণ বান্ধি দিয়া হয় । এই বিবাহ প্ৰথাৰ অন্যতম উপকৰণ চালাঙী বাতিত থকা সামগ্ৰী সমূহৰ লগতো এটা সৰু চাউলৰ দোনৰ ওপৰত এযোৰ তামোল পাণ ৰখা হয়। এনেদৰে বিবাহৰ লগত জৰিত প্ৰত্যেকটো ৰীতি নীতিতেই তামোল পাণৰ ব্যৱহাৰ অপৰিহাৰ্য। আনহাতে অতিথি আপ্যায়নৰ ক্ষেত্ৰত কোচৰাজবংশী সকলে তামোল পাণক আগস্থান দিয়ে। ঘৰলৈ অতিথি আহিলে পোন প্ৰথমে খাবলৈ তামোল পাণেৰে সৈতে বটাত ধুনীয়াকৈ সজাই দিয়া হয়। তাৰ পিছতহে চাহ বা অন্য খাদ্যবস্তু খাবলৈ দিয়া হয় । তামোল পাণক অতিথি আপ্যায়ণৰ প্ৰতীক বুলি গণ্য কৰা হয় । অতিথক যদি এখিলা তামোল পাণেৰে আপ্যায়ন কৰিব নোৱাৰে তেনেহলে গৃহস্থই নিজৰ সন্মান ৰাখিব নোৱাৰা বুলি বিশ্বাস কৰে কোচৰাজবংশীসকলে। আনহাতে কোনো আত্মীয় স্বজন ফুৰিবলৈ আহিলে অভ্যৰ্থনা জৰিয়তে উপহাৰ প্ৰদান কৰোতে তাৰ লগত তামোল পাণ এযোৰ দিয়াটোও এক প্ৰথা হিচাপে প্ৰচলিত হৈ আহিছে । ইয়াৰ উপৰি সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰতো কোচৰাজবংশী সকলে তামোল পাণ ব্যৱহাৰ কৰে। সখী পতা , বিবাহত মিতৰ ধৰা আদি প্ৰথাত তামোল পাণক সাক্ষী কৰিয়ে সম্পৰ্ক গঢ়ি দিয়া হয়। আকৌ কিছুমান গাঁও অঞ্চলত বৰ্তমানো ৰাজহুৱা ভাবে ক্ষমা মাগিবলৈ এযোৰ তামোল পাণেৰে সেৱা জনাই নিজৰ দোষৰ ক্ৰুটিৰ মাৰ্জনা বিচৰাৰ এক নিয়মো প্ৰচলন থকা দেখা যায়।

এনে ধৰণে কোচৰাজবংশী জনসমাজত পূৰ্বৰে পৰা বিভিন্ন তৰহৰ সামাজিক ৰীতি নীতি আচাৰ ব্যৱহাৰ উৎসৱ পাৰ্বণ আদিত তামোল পাণ প্ৰচলন হৈ আহিছে। ইয়াৰ উপৰিও তামোল পাণৰ ব্যৱসায়ৰ দ্বাৰাও কোচৰাজবংশী সকলে জীৱিকা অৰ্জন কৰা দেখা যায়। ঘৰৰ বাৰীত তামোল পাণ ভৰি থাকিলে কোচৰাজবংশী সকলে সেয়াও এক সম্পত্তি বুলি গণ্য কৰে । আহাৰ গ্ৰহণ কৰাৰ পিছত এখিলা তামোল পাণ খাই মুখ শুদ্ধি কৰাৰো আন এক নিয়ম প্ৰচলিত কোচৰাজবংশী সকলৰ মাজত।মুঠতে কব লাগিব যে কোচৰাজবংশী সমাজত তামোল পাণে এক বিশেষ স্থান অধিকাৰ কৰি আছে । এই তামোল পাণ অবিহনে কোচৰাজবংশী সমাজত যেন প্ৰতিটো লোকাচাৰ পৰম্পৰাই আধৰুৱা।FB_IMG_1530369344410

Advertisements

About ckrsd

Managing Trustee Centre for Koch Rajbnashi Studies and Development, Guwahati
This entry was posted in Assamese Articles and tagged , , , . Bookmark the permalink.

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google+ photo

You are commenting using your Google+ account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

w

Connecting to %s