সনাতন কোচঃ মোগলৰ বিৰুদ্ধে সশস্ত্ৰ প্ৰতিৰোধ গঢ়ি তোলা বজালীৰ বীৰ সন্তান

অৰূপজ্যোতি দাস

১৭ শতিকাৰ কামৰূপৰ বজালী অঞ্চলৰ বীৰ যোদ্ধা, সামন্ত, কৃষক নেতা তথা কামৰূপৰ স্বঘোষিত ৰজা সনাতন কোচৰ বিষয়ে ইতিহাস নিমাত নহয় যদিও, ইতিহাসবিদ সকল নিমাত বুলিয়ে কব পাৰি। চেগা-চেৰেকাকৈ অৱশ্যে সনাতন কোচৰ উল্লেখ ইতিহাসত পোৱা যায়। A History of Assam-ত Edward Gait- এ সনাতন কোচৰ কথা দুই-এঠাইত উল্লেখ কৰিছে। তেওঁ উল্লেখ কৰিছে যে কোচহাজো ৰাজ্যখন মোগলে অধীন কৰি লোৱাৰ পিচতো কামৰূপৰ কোচসকলে কোনোপধ্যেই মোগলৰ অধীনতা মানি লব বিচৰা নাছিল (But the Koches were by no means prepared to accept Mughal dominion)। কোচসকলে বিভিন্ন নেতাৰ অধীনত একত্ৰিত হৈ ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে মোগলৰ বিৰুদ্ধে এলানি আক্ৰমণ সংঘটিত কৰি সফলতা লাভ কৰিছিল। সেই সময়ত পৰিক্ষীত (কোচহাজোৰ ৰজা)ৰ ভাতৃ বলি নাৰায়ণৰ বাহিৰে আনজন শক্তিশালী নেতা আছিল  সনাতন কোচ। সনাতন কোচে সেই সময়ত মোগলৰ ৰাজস্ব বিষয়াজন বন্দী কৰিছিল (Gait,1984:67)।

সেই সময়ৰ অন্যান্য কেইবাজনো কোচ সামন্তৰ লগত সনাতনৰ কথা উল্লেখ কৰিছে বিশিষ্ট সমাজ বিজ্ঞানী ড০ অমলেন্দু গুহই তেওঁৰ ‘জমিদাৰকালীন গোৱালপাৰা জিলাৰ আৰ্থসামাজিক অৱস্থাঃ এটি ঐতিহাসিক দৃষ্টিপাত’ গ্ৰন্থত। তাত তেওঁ লিখিছে, ‘নগদ টকাত ৰায়তসকলৰ পৰা খাজনা আদায় কৰিবলৈ গৈ ১৭ শতিকাৰ প্ৰথমাৰ্ধত মোগল চৰকাৰে গোৱালপাৰা আৰু কামৰূপত ব্যাপক গণবিদ্ৰোহৰ সম্মুখীন হ’ব লগা হৈছিল। ঘাইকৈ এই বিদ্ৰোহ আছিল পৰাধীনতাৰ বিৰুদ্ধে। ‘…নব, সনাতন, ভৱচন আদি কোচ-ৰাজবংশী সামন্তসকলৰ নেতৃত্বত প্ৰজাসকলে খাজনা দিবলৈ অস্বীকাৰ কৰি সশস্ত্ৰ প্ৰতিৰোধ চলাইছিল’(গুহ,১৯৮৪:১৮)। গুহৰ বাহিৰেও অনিল ৰায় চৌধুৰীয়ে তেওঁৰ ‘নামনি অসমৰ মধ্যশ্ৰেণী’ গ্ৰন্থত সনাতন কোচৰ কথা উল্লেখ কৰিছে মূলতঃ গুহৰ তথ্যৰ আত ধৰিয়েই। আনহাতে সনাতন যে বজালী অঞ্চলৰ (এতিয়া জিলা) সেই কথাও চৌধুৰীয়ে উল্লেখ কৰিছে (চৌধুৰী,১৯৯৮:১২)।মুনিন্দ্ৰ নাথ শৰ্মাৰ ‘বজালীৰ ঐতিহাসিক পটভূমি’ শীৰ্ষক প্ৰবন্ধটোত সনাতন কোচৰ কথা আলোচনা কৰা হৈছে সেই কথা চৌধুৰীয়ে উল্লেখ কৰিছে। সনাতন যে সামন্ত আছিল তথা তেওঁ যে বজালীৰ দৈশিঙ্গৰী গাঁৱৰ এই কথা দৈশিঙ্গৰীত প্ৰচলিত আছে।

সনাতন কোচৰ বিষয়ে অকণমান আলোচনা কৰিছে ড০ ভাৰত চন্দ্ৰ কলিতাই তেওঁৰ ‘মধ্যযুগৰ অসমৰ সামৰিক ইতিহাস(১২০০-১৬৭১)’গ্ৰন্থত। সনাতনে নিজকে ৰজা বুলি ঘোষণা কৰা কথাটো এই গ্ৰন্থখনত উল্লেখ আছে। কলিতাই লিখিছে, ‘মুছলমানৰ অগ্ৰগতিক বাধা দিবৰ কাৰণে এক শক্তিশালী প্ৰতিৰোধ গঢ়ি তুলিছিল সনাতন কোচে। তেওঁ নিজকে ৰজা বুলি ঘোষণা কৰিছিল আৰু ধমধমাত এটা শক্তিশালী দূৰ্গ নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও উত্তৰ কামৰূপৰ বিভিন্ন ঠাইত সৰু সৰু দূৰ্গ নিৰ্মাণ কৰিছিল যাতে মুছলমান সৈন্যৰ অগ্ৰগতিক বাধা দিব পাৰে। মোগল সৈন্যই প্ৰায় চাৰি মাহ সনাতনৰ বিৰুদ্ধে যুঁজ কৰাৰ পাছত ধমধমা দখল কৰিছিল (কলিতা ২০০৫: ৪৯)।


সনাতন কোচৰ বিষয়ে গুৰুত্ব সহকাৰে আলোচনা কৰা গৱেষক গৰাকী হল সংঘমিত্ৰা মিশ্ৰা। ২০১১ চনত প্ৰকাশ হোৱা মিশ্ৰাৰ ‘Becoming a Borderland’ শীৰ্ষক গৱেষণা গ্ৰন্থত তেখেতে সনাতন সম্পৰ্কে কিছু বিতংকৈ আলোচনা কৰিছে। সনাতন কোচ যে সেই সময়ৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ সেই কথা সংঘমিত্ৰা মিশ্ৰাৰ লিখনিৰ পৰা প্ৰতীয়মান হৈছে। সনাতেন ধমধমাত কেইবাহাজাৰো কোচ খেতিয়কক একত্ৰিত কৰি সশস্ত্ৰ প্ৰতিৰোধ গঢ়ি তোলা বুলি মিশ্ৰাই লিখিছে। সনাতনৰ নেতৃত্বৰ কোচসকলৰ যুদ্ধংদেহী মনোভাৱৰ বাবে মোগলে শান্তিৰ প্ৰস্তাৱ পঠাইছিল যদিও সেই প্ৰস্তাৱ ৰাইজৰ অনুকূলে নোযোৱা কাৰণে সনাতনে প্ৰত্যাখান কৰা কথাটো এই গ্ৰন্থত উল্লেখ আছে। ইয়াত উল্লেখ কৰা মতে মোগলৰ শান্তিৰ প্ৰস্তাৱ প্ৰত্যাখান কৰি সনাতনে মোগলৰ দূতক উত্তৰ দিছিল, ‘ খাজনা দিয়াৰ পিনে মনোযোগ দিবলৈ এতিয়া ৰায়তসকলৰ ক্ষমতা আৰু শক্তি দুয়োটাই নাই। আজি মহামান্যই নিজে আহিছে বুলিয়েই মই নিজকে সান্তনা দিব নোৱাৰো। দুজনকৈ আমাৰ সন্মানীয় ৰজাই (লক্ষ্মীনাৰয়ণ আৰু পৰিক্ষীত) সম্ৰাটৰ অধীনত স্বীকাৰ কৰি লাখ আৰু কোটিত ধন আদায় দিলে। তেওঁলোকৰ এই কাৰ্যৰ পৰা এনেকুৱা কি লাভ হ’ল যে মই আপোনালোকৰ শান্তিৰ প্ৰস্তাৱৰ পৰা কিবা কল্যাণ হ’ব বুলি ভাবিব পাৰো (Mishra 2011:33)।


যিটো সময়ত কোচ ৰাজ পৰিয়ালে নিজৰ মাজত যুদ্ধ-বিগ্ৰহ কৰি বিশাল কোচসাম্ৰ্যজ্যখন প্ৰায় ধুলিষ্যাৎ কৰি পেলাবলৈ লৈছিল, সেই সময়ত কোচ ৰাজপৰিয়ালৰ বাহিৰৰ সনাতন কোচৰ দৰে ব্যক্তিয়ে ভাতৃত্ববোধ, আনুগত্য, দেশ আৰু জাতি প্ৰেমৰ চৰম নিদৰ্শন দাঙি ধৰিছিল। দুয়োজন শত্ৰু কোচ ৰজা (খুৰাক লক্ষ্মীনাৰয়ণ আৰু ভতিজা পৰীক্ষিত নাৰায়ণ)ক ‘আমাৰ সন্মানীয় ৰজা’ বুলি মোগলৰ আগত উল্লেখ কৰি সনাতনে আগ্ৰাসী মোগলক স্পষ্ট বাৰ্তা দিব বিচাৰিছিল যে ৰজাৰ মাজত বিভেদ থাকিলেও সৰ্বসাধাৰণ কোচ একত্ৰিত আৰু স্বদেশৰ বাবে উচৰ্গিত। মিশ্ৰাই লিখিছে, ‘বন্দী ৰজাসকলৰ প্ৰতি হোৱা অন্যায়ৰ বিৰুদ্ধে সনাতনে কৰা মন্তব্যৰ পৰা সেই সময়ত কোচসকলৰ মাজত বিৰাজমান শক্তিশালী আত্মীয়তা(Kinship)ৰ আভাষ পোৱা যায়। সনাতনৰ জাতিৰ প্ৰতি থকা টানে সেই সময়ৰ আন আন কোচ সামন্তসকলকো আন্দোলিত কৰিছিল, যিটো দেখি সেই সময়ৰ এজন মোগল নেতাই মন্ত্বব্য কৰিছিল, ‘দুই কোচ ৰজাৰ বন্দিত্বৰ খবৰ কোচভূমিত বিয়পি পৰাৰ পিছত কোচ সামন্তসকলে কোচ সকলৰ বদনামি নোহোৱা কৰাৰ কাৰণে সশস্ত্ৰ অভ্যুত্থান সংঘটিত কৰিলে (Cited in Mishra 2011:33)।

সনাতন কোচৰ তথ্যৰ মূল উৎস হল মোগল সেনাপতি মিৰ্জা নাথানৰ বংগ, কোচবিহাৰ আৰু কোচ হাজোত (কামৰূপ) চলোৱা সামৰিক অভিযানৰ বিৱৰণী গ্ৰন্থ ‘বাহাৰীস্তান-ই- গায়াবী’। গায়াবী মিৰ্জা নাথানৰ  তখলুছ বা ছদ্মনাম। সনাতনৰ  নেতৃত্বত কোচ সকলে মোগলৰ বিৰুদ্ধে কেনে প্ৰৱল প্ৰতিৰোধ গঢ়ি তুলিছিল সেয়া ইয়াত লিপিবদ্ধ কৰা আছে। জয়-পৰাজয়ৰ কথা নাভাবি প্ৰতিকূল পৰিস্থিতিতো যুদ্ধৰ বাবে সদা-প্ৰস্তুত সাহসী কোচসকলৰ কথা ইয়াত লিখা আছে। সনাতনৰ নেতৃত্বত কোচসকলে মোগলৰ বিৰুদ্ধে কোনো চালুকীয়া-আবেগিক যুদ্ধ চলোৱা নাছিল। এই সশস্ত্ৰ যুদ্ধত সনাতনহতে সকলো ধৰণৰ ৰণ-কৌশল তথা সেই সময়ৰ যুদ্ধৰ সকলো আহিলা ব্যৱহাৰ কৰিছিল।মিৰ্জা নাথানৰ টোকাৰ পৰা গম পোৱা যায় যে সনাতনে বন্দুক আৰু কামানো ব্যৱহাৰ কৰিছিল। মিৰ্জা নাথানৰ শান্তিৰ প্ৰস্তাৱ লৈ যেতিয়া দূত সনাতনৰ দূৰ্গলৈ আহিছিল, তেতিয়া সনাতন বাহিনীৰ গুলী-বাৰুদৰ কাৰণে সেই দূত ভিতৰলৈ সোমাব পৰা নাছিল। ‘বাহাৰীস্তান-ই- গায়াবী’-ত উল্লেখ আছে, ‘সেই দূত দূৰ্গৰ ভিতৰৈল অগ্ৰসৰ হওতে দূৰ্গৰ আভ্যন্তৰত থকাসকলে প্ৰথমতে তাৰ প্ৰতি তীৰ, বন্দুকৰ গুলী আৰু কামানৰ গোলা নিক্ষেপ কৰে। কিন্তু পিচত যেতিয়া বাতৰি লৈ অনা বুলি গম পালে তেতিয়া তীৰ আৰু বন্দুকৰ গুলী নিক্ষেপ কৰা বন্ধ কৰি দূতক দূৰ্গৰ ভিতৰৈল যাব দিয়ে’ ( নাথান ২০১২ ৩৩৩)।

সনাতন কোচে কিমান দিনলৈ কামৰূপত মোগলক প্ৰতিৰোধ কৰিছিল সেয়া সঠিককৈ জনা নায়ায় যদিও সেয়া ২ ৰ পৰা চাৰি বছৰৰলৈ হব লাগে যিটো ১৬১৩ ৰ পৰা ১৬১৬ ৰ ভিতৰত হব (পৰীক্ষিত বন্দী হোৱাৰ পৰা মৃত্যু হোৱাৰ সময়খিনি)। উল্লেখ্যে যে মিৰ্জা নাথানক বৰ নগৰত (সৰভোগ)ত অবৰুদ্ধ কৰিবলৈ সনাতনৰ বাহিনী সক্ষম হৈছিল। ধমধমাত সনাতনে যি প্ৰতিৰোধ গঢ়ি তুলিছিল সেয়া মাহ মাহ ধৰি মোগলে ভেদ কৰিব পৰা নাছিল। সেই সময়ত সনাতনৰ বাহিৰেও বলি নাৰায়ণ, বেলতলা শাসক মামু(মান) গোবিন্দ (এওঁ পৰীক্ষিতৰৰ মোমায়েক), ৰাণী, লুকী আদিৰ ৰজা সকলেও মোগলৰ বিৰুদ্ধে যুদ্ধত ব্ৰতী হৈছিল যদিও সংঘবদ্ধভাৱে যুজ দিয়াৰ সময়পোৱা নাছিল, যিটে পৰবৰ্তী সময়ত সংযুক্ত বাহিনীৰ সৃষ্টি কৰি শৰাইঘাটৰ যু্দ্ধত কৰা হৈছিল। তেনে এক পৰিস্থিতিত মোগলৰ বিৰুদ্ধে আনসকলৰ দৰে সনাতনেও নিজৰ সম্বলেৰই যুঁজত অৱৰ্তীণ হৈছিল।ভাগ্য, ধনবল, জনবল, দেশৰ পৰিস্থিতি একোৱে সনাতনৰ পক্ষত নাছিল।

সনাতনক দমন কৰাৰ বাবে মোগলে অনীতিৰ আশ্ৰয় লৈছিল। বৰনগৰৰ দূৰ্গত অৱস্থান কৰি থকা সনাতনক মানসিক হেঁচা প্ৰয়োগ কৰাৰ বাবে মিৰ্জা নাথানৰ নেতৃত্বত আশ-পাশৰ গাঁওবোৰত লুণ্ঠন চলোৱা হৈছিল। নাৰী অপহণৰ ঘটনা পৰ্যন্তও হৈছিল। সনাতনক অন্তিম হেঁচা প্ৰয়োগ কৰাৰ বাবে সনাতনৰ দূৰ্গলৈ খাদ্য সৰবৰাহ কৰা দুই হাজাৰতৈকও অধিকলোকক হত্যা আৰু বন্দী কৰা হয়। দূৰ্গৰ সকলো দ্বাৰ বন্ধ কৰি দিয়া হৈছিল।তেনে এক পৰিস্থিতিত সনাতনৰ সংগীসকেল তেওঁক জুটীয়া অৰণ্যৰ দূৰ্গলৈ গৈ কিছু দিন তাত অৱস্থান কৰাৰ বাবে উপদেশ দিয়ে। সনাতনে নাথানবাহিনীৰ চকুত ধুলি দি নিশাৰ দুই প্ৰহৰত ধমধমাৰ দূ্ৰ্গ ত্যাগ কৰি জূটীয়ালৈ গুছি যায় (নাথান,২০১২ ৩৪০)।

সনাতনে জুটীয়াৰ দূৰ্গলৈ গুছি যোৱাৰ পিচতো সনাতনৰ ভয়ে মগালক বাৰুকৈয়ে চিন্চিত কৰিছিল।সনাতন যে সচাকৈয়ে আতৰি গৈছে এই বিষয়টোত মিৰ্জা নাথান বাহিনী নিশ্চিত হব বিছাৰিল। নাথানৰ তেনেকুৱা অৱস্থা দেখি মোগল কৰ্মচাৰীয়ে সাক্ষী যোগাৰ কৰি মিৰ্জা নাথানৰ আগত প্ৰস্তুত কৰিছিল। এই সাক্ষীৰ কাম আছিল সনাতন জুটীয়ালৈ যোৱা কথাটো সচা বুলি নাথানক বিশ্বাস কৰোৱোটো। পিচে সনাতনৰ কিন্তু পুণৰাই আবিৰ্ভাৱ হৈছিল।

পৰব্তী সময়ত মোগল বিষয়া মিৰ্জা ইউছুফ (নাথান নহয়) আৰু ৰজা ছত্ৰজিতেহতে য়েতিয়া বৰনগৰ দূৰ্গত অৱস্থাৱ কৰিছিল তেতিয়া সকলো সময়তে সনাতন কোচে তেওঁৰ বাহিনীক লৈ সম্মুখত ৰথ ৰাখি দূৰ্গত আক্ৰমণ চলাই মোগল বাহিনীক ব্যতিব্যস্ত কৰি তুলিছিল। পৰবৰ্তী সময়ত নতুনকৈ সৈন্য আনি চাৰিওফালৰ পৰা সনাতনৰ কোচবাহিনীক আক্ৰমণ কিৰ মোগলে পৰাভূত কৰিছিল। পিচে সনাতনক কৰায়ক্ত কৰিবৈল সক্ষম হোৱা নাছিল। সনাতন পুনৰ নহোৱা হৈছিল। সনাতন হেৰাই গল কিন্তু তেওঁৰ মৃত্যুৰ থবৰো পোৱা নগল।  

………..

প্ৰসংগঃ

কলিতা, ড০ ভাৰত চন্দ্ৰ. ২০০৫. মধ্যযুগৰ অসমৰ সামৰিক ইতিহাস(১২০০-১৬৭১)’, ভাৰতীয় ইতিহাস সংকলন সমিতি, গুৱাহাটী (অসমীয়া অনুবাদ-দীপক ঠাকুৰীয়া)

গুহ, ড০ অমলেন্দু. ১৯৮৪.জমিদাৰকালীন গোৱালপাৰা জিলাৰ আৰ্থসামাজিক অৱস্থাঃ এটি ঐতিহাসিক দৃষ্টিপাত’ ত্ৰিপথনাথ চোধুৰী, ধুবুৰী

ৰায়চৌধুৰী,অনিল.১৯৯৮. নামনি অসমৰ মধ্যশ্ৰেণী, বৰুৱা এজেন্সি, গুৱাহাটী

নাথান, মিৰ্জা. ২০১২. বাহাৰীস্তান-ই-গায়বী, দিব্যা প্ৰকাশ, ঢাকা (খালেকদাদ চৌধুৰী অনুদিত)

Mishra, Sanghamitrta. 2011. Becoming Borderland: Politics of Space and Identity in Colonial Northeastern India, Routledge, New Delhi

Gait, Edward. 1984. A History of Assam, LBS Publications, Guwahati

(সনাতন কোচৰ কাল্পনিক চিত্ৰখন অৰূপজ্যোতি দাসে অংকণ কৰা)

BOOK REVIEW: Koch Rajbanshir Kamatapur: Xopon, Dithok ne Matho Itihas

BOOK COVERKoch Rajbanshir Kamatapur: Xopon, Dithok ne Matho Itihas  by Arup Jyoti Das, Guwahati, Assam, Blue Sparrow Books, 2015, 176 pp, ISBN: 9781630417505,  INR 395/-

Marami Bhakat: Northeast India is much known to the world for its various movements for social justice triggered by ethnic identity. These movements have often demanded recognition of historical region and homelands. Kamatapur Movement is one such movement, which seeks recognition of a historical region called Kamatapur in the form of a state (federal unit) in modern India comprising areas of North Bengal and Assam. This movement is mostly spearheaded by Koch Rajbanshi people of Assam and West Bengal.  In this book author Das has taken up this social issue of the Koch Rajbanshis, which has been mostly ignored by the current academic discourse. Das is very much aware of trans-border nature of the movement, its historical complexities and current political narratives.

The book is largely divided into three sections. Thefirst section deals particularly with Kamatapur Movement with its historical background. This section has eight chapter devoted various issues like historical background, social mobility of the Rajbanshis and many more. The 2nd section is collection of articles on recent political challenges of Kamatapur area and political crossing of various ethno politics of confronting groups.  The 3rd section of the book contains another set of articles which are related to Koch Rajbanshi, but not directly to the Kamatapur Movement.

The Introductory chapter of the book gives us an outline of the whole Kamatapur Movement and has successfully discussed the various stages and layers of the movement. The chapter has discussed the rise of the armed struggle of Kamatapur Liberation Organization and role of various civil society organizations and students bodies which are involved in this movement for self- determination of the Koch Rajbanshis. The writer argues in this chapter that the aspiration of the Koch Rajbanshi for a homeland is much old and it has its roots in the annexation of Cooch Behar State with West Bengal as a district.

The 2nd chapter is about the Koch Rajbanshi people, their origin and migration theories. Here, Das has tried to look into the complexities of Koch Rajbanshi identity, its ethnic affiliation and the issues of transformation of the tribe to caste society. Das argues that Koch Rajbanshi people has the right to claim themselves as Kamatapuri, since they have been the main component of both ruler and ruled in the area for seven hundred years. Das has interpreted colonial texts, various legends and other local sources while framing his observation on the identity formation of the Koch Rajbanshi people. In his observation, Das says that Koch Rajbanshi is a “social category” rather than a hard bound ethnic identity.

The 3rd chapter analyses the historical background of the Kamatapur region, which comprises present Northern part of West Bengal and lower Assam.  The chapter starts with the history of Kamatapur of the middle of the 13th century and ends with emergence of colonial Cooch Behar in 1771.  This chapter is mostly confined with the history of present North Bengal and has not discussed the history of the Koch Rajbanshi of present Assam. In this chapter, Das has given a vivid description of Kamatapur kingdom from the pre-Koch period, emergence of Koch dynasty in Kamatapur and transition of Kamatapur into Cooch Behar Princely state.

The fourth chapter deals with the history of the Kamatapur of western side. Kamatapur was divided between the Koch royal families in the end of the 16th century as Koch Kamata and Koch-Hajo. The Koch Hajo region became part of modern Assam after independence of India. This chapter provides a valuable account of the history of Western Assam and lower Assam which was under the Koches till independence. Though brief, the author has given strong account of small Koch kingdoms and estates like Bijni, Gauripur, Darrang and Beltola. The discussion on the Beltola kingdom might be 1st of its kind for which Das should be given credit. This chapter gives the reader a clue why Kamatapur is demanded in Assam besides West Bengal.

The next chapter deals with the complexities and politics of merger of Cooch Behar Princely State into the Indian domain and then its annexation with West Bengal as a mere modern Indian district. The lost of the identity of the Kamatapur (Cooch Behar) region in Independent India has been argued as one of the root causes of demand for Kamatapur in present time. The author has mainly interpreted correspondence between Sardar Vallabbhai Patel and B.C. Roy to look into the politics of annexation of Cooch Behar with West Bengal. This chapter could have been deeper in investigating the issue.

The 6th chapter discusses the upward mobility movement of the Rajbanshis in the early 20th century which laid the foundation for a social justice movement in the later period. The chapter discusses how local Rajbanshis were alienated by migrant upper caste gentry who came from East Bengal and how power structure and land holding changes due to the same. This is an important chapter in terms of understanding the social causes which has resulted the present movement.

In the subsequent chapter, Das has discussed the language of the Koch Rajbanshis which is known as Kamatapuri, Rajbanshi or Goalparia. Das has avoided linguistic complexities while discussing language of the Koch Rajbanshis and mainly focused on the politics of recognition of the language. The next, chapter which is the last chapter of the 1st section, is the concluding chapter.

This book is a must read for those who wants to understand Koch Rajbanshi peoples’ aspiration for social justice. Das being a member of the Koch Rajbanshi community has found it difficult sometimes to disassociate himself from the sentiment of the Kamatapur Movement (as well as with the Koch Rajbanshi), particularly in the last section of the book, where he has written on various topics related to Koch Rajbanshis. Except this exception, Das has successfully played the role of both insider and outsider as a writer.

(Marami Bhakat is a Ph D Scholar at Dept. Political Science , Gauhati University)

Koche Meche Pujibeke Mohoro Bakyat

“Koche Meche Pujibeke Mohoro Bakyat” (Koch-Mech will worship according to my wish) is a nicely written article on the recent controversy over the claiming of Koch history by the “World Bodo History Society”. The article addresses the problem of exclusiveness in history writing and rightly points out that claiming of famous historical characters by many is a common phenomenon. A must read for those, who are seeking an unbiased opinion on the recent controversy. Click koche meche pujibeke mohoro bakyat to read the article.