- কৰবী সিংহ কোচ
জাতি এটাৰ কৃষ্টি , পৰম্পৰা , ৰীতি-নীতি ইত্যাদি বোৰৰ মাজতেই প্ৰতিফলিত হয় জাতিটোৰ সংস্কৃতি। উৎসৱ-পাৰ্বনৰ পৰা আদি কৰি জনজীৱনত প্ৰচলিত প্ৰত্যেকটো লোকাচাৰ ৰীতি-নীতিৰ আধাৰতে গঢ়ি উঠে এটা জাতিৰ সংস্কৃতি। জনগোষ্ঠীয় সংস্কৃতি পৰম্পৰাৰ ক্ষেত্ৰত ইতিহাস প্ৰসিদ্ধ কোচৰাজবংশীসকলোৰো এক সুকীয়া সংস্কৃতি বিদ্যমান। কোচৰাজবংশীসকলৰ মাজত প্ৰচলিত লোকাচাৰ পৰম্পৰা সমূহৰ এক অবিচ্ছেদ্য অংশ হল তামোল পান । কোচৰাজবংশী সকলৰ মাজত এই তামোল পানৰ বিশেষ গুৰুত্ব আছে। বিশেষকৈ অতিথি আদৰিবলৈ, পূজা পাৰ্বন , বিয়া আদি মাংগলিক অনুষ্ঠান সমূহত তামোল পাণ এক এৰাব নোৱাৰা অংগ। সেয়েই হয়তো কোচৰাজবংশী জনজীৱনত প্ৰত্যেক ঘৰৰ বাৰীতেই তামোল পাণৰ গছ দেখিবলৈ পোৱা যায় । কোচৰাজবংশীসকলে বাৰীত তামোল পানৰ গছ ৰোৱাটো এক প্ৰকাৰৰ নিয়ম বুলিও কব পৰা যায়। কোচৰাজবংশী সকলৰ মাজত তামোল পানক লৈ এনে ধৰণৰ প্ৰবাদ প্ৰচলন আছে… Continue reading “কোচ ৰাজবংশী সমাজত তামোল-পান(গুৱা-পান)”
